পৃষ্ঠা:Kirtan Ghosha.pdf/৬৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৬২১
ভাগৱতৰ তাৎপৰ্য্য


হেনসে নাম ধৰ্ম্ম-শিৰোমণি।
পাপ-অৰণ্যৰ যেন অগনি॥ ১৭
কলিত পৰম উপায় নাম।
একেদায়ে সিজে ত্ৰিতয় কাম॥
উপজে পুণ্য পাপ হোৱে দূৰ।
মিলে মহোমোক্ষ-সুখ প্ৰচুৰ॥ ১৮
কলিত লোকৰ মলিন মতি।
নুপজয় আন পুণ্য সম্প্ৰতি॥
নামেসে পৰম ধৰ্ম্ম কলিত।
নামেসে মৰণ-সমল-বিত॥ ১৯
হেন জানি তেজা বিষয়-ধান্ধা।
হৰিৰ নামক গলত বান্ধা॥
কত পুণ্যে পাই মনুষ্য-তনু।
ইহাক বিফল নকৰা পুনু॥ ২০
মোহ-নিদ্ৰা এড়ি লোৱা চেতন।
কৃষ্ণৰ সেৱাত কৰা যতন॥
সত্বৰে কৰা পৰলোক-কাম।
ঘুষিয়ো নিৰন্তৰে ৰাম ৰাম॥ ২১

ভাগৱতৰ তাৎপৰ্য্য় সমাপ্ত॥২৬॥