পৃষ্ঠা:Kirtan Ghosha.pdf/৬৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৬১৯
ভাগৱতৰ তাৎপৰ্য্য


সেহিসে কৃষ্ণক বোলে আপুন।
শুনিয়ো কৃষ্ণ দেৱতাৰ গুণ॥ ৭
ভকতে যত লৱে গুণ-নাম।
তাহাৰ মালা গান্থি অনুপাম॥
পিন্ধন্ত কণ্ঠত কৰি উৎসৱ।
হেনসে ভকত-বন্ধু মাধৱ॥ ৮
যিজনে যায় হৰি-নাম সেৱি।
পাছত ফুৰে যত দেৱ-দেৱী॥
যতেক তীৰ্থ তাক তুতি কৰে।
তাৰ বায়ু পাপ সমস্ত হৰে॥ ৯
যিটোজনে ফুৰে নাম সুমৰি।
তাৰ পাছে পাছে ভ্ৰমন্ত হৰি॥
বৎসক স্নেহে যেন ধেনু ধাৱে।
ভজিয়ো জানি হেন হৰি-পাৱে॥ ১০
এক জনে যদি নাম উচ্চৰে।
শুনে মানে পাপ সৱাৰো হৰে॥
হেনসে আশ্চৰ্য্য দেৱতা হৰি।
যাহাৰ নাম লৈলে মাত্ৰ তৰি॥ ১১
অনিচ্ছাতো যিটো বিষ্ণুক কহে।
তাহাৰো সমস্ত পাতক দহে॥