এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
[খণ্ড ৫
কীৰ্ত্তন-ঘোষা

যেন মহৌষধি নজানি ভুঞ্জিলে
 তাৰো গৰ্ভ-ৰোগ হৰে॥ ১৩
প্ৰভুৰ নামৰ অনন্ত মহিমা
 কতেক কহিবো আমি।
হেন হৰি-নাম লৈলেও বান্ধস
 কিনো তোৰা অধোগামী॥
ব্ৰাহ্মণক এড়ি জীৱ ৰক্ষা কৰি
 সত্বৰে ঐৰ অন্তৰ।
শুনি দূতচয় হুয়া মহা ভয়
 পশিয়া যম-নগৰ॥ ১৪

নাৰায়ণ-নাম বুলিবাৰ পদে
 নিস্তৰিল অজামিল।
বিষ্ণুক চিন্তিয়া চতুৰ্ভুজ ৰূপে
 বৈকুণ্ঠত আৰোহিল॥
পাছে দূতগণে যমৰ আগত
 দুঃখ-সাক্ষী দেয় কান্দি।
কৈৰ চাৰি সিদ্ধে আসি কাঢ়ি লৈলে
 পাপীক, আনন্তে বান্ধি॥ ১৫


পা ১৫॥ পদে-ফলে