পৃষ্ঠা:Kirtan Ghosha.pdf/৬২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১
৬১৭
ভাগৱতৰ তাৎপৰ্য্য়


দোবৰ সাগৰ কলি  আত হৰি-নাম লৈলি
 ধৰ্ম্ম অৰ্থ পাৱে মোক্ষ কাম।
সমস্তকে দায়াতৰে আৰে দেৱ দামোদৰে।
 বিদিত কৰিলা হৰি-নাম॥ ২
মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত  তপ তীৰ্থ কোটি শত
 হৰি-নাম অধিক সৱাতে।
কিনো ভাগ্য কিনো ভাগ্য  হেন হৰি-নাম লাগ
 পাইলে লোক মুকুত সাক্ষাতে॥
যিটো নাম নেড়ে মুখে  পাইলে মোক্ষ মহাসুখে
 জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ।
গুৰু ভৈলা জগতৰে  কৰিলেক সিটো নৰে
 কোটি কোটি পুৰুষ উদ্ধাৰ॥ ৩
পাতক শুখান বন হৰি-নাম হুতাশন
 ক্ষেণেকতে দহি কৰে ছন্ন।
হেন নাম প্ৰচাৰিলা  পাতকীক নিস্তাৰিলা
 পৰম কৃপালু নাৰায়ণ॥
দেৱৰো ঈশ্বৰ হৰি  তান্ত মহা যত্ন কৰি
 লৈয়ো এক-শৰণ সাক্ষাত।


পা ৩॥ লোক মুকুত - লোক সুখতে, লাগ সুখতে, লোকে মুকুত।