পৃষ্ঠা:Kirtan Ghosha.pdf/৬২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২১ ]
৬১৫
উৰেষা বৰ্ণন

নাহি কাল-নিয়ম ব্ৰতত দোষ নাই।
পাইলে মাত্ৰে খাইবে অল্প তেৱে মোক্ষ পাই॥
হৃদয়ত ৰূপ হৰি-নাম যাৰ মুখে।
বিষ্ণুৰ নৈৱেদ্য উদৰত ভৰে সুখে॥ ২২৪
পাদোদক নিৰ্ম্মাল্য মস্তকে থাকে যাৰ।
বোলা হৰি হৰি সেই বিষ্ণু-অৱতাৰ॥
ভণিল শঙ্কৰে কৃষ্ণ-চৰণত ধৰি।
পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥ ২২৫

উৰেষা-বৰ্ণন সমাপ্ত॥২৫॥