পৃষ্ঠা:Kirtan Ghosha.pdf/৬২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১০
[খণ্ড ২৫
কীৰ্ত্তন-ঘোষা

দিব জলাঞ্জলি পৃথিৱীত পাড়ি কুশ।
মহা তুষ্ট হােন্ত তেৱে যতেক পুৰুষ॥
ক্ষেত্ৰৰ মহিমা কহে কৃষ্ণৰ কিঙ্কৰে।
বােলা হৰি ভস্ম হােক পাপ নিৰন্তৰে॥ ২০৩

বিংশ কীর্তন

ঘোষা॥ ৰঙ্গে ফাঙ্কু খেলে চৈতন্য বনমালী।
দুয়াে হাতে ফাল্গু-গুণ্ডা সিঞ্চন্ত মুৰাৰি ॥ ২০
পদ॥ আছে যত নদী নদ তীর্থ পৃথিৱীত।
জ্যৈষ্ঠ মাসে আসে শুক্লা দশমী তিথিত॥
প্রত্যেকে থাকন্তু তৈত আসি দিন সাত।
স্নান দান কৰিলে অক্ষয় হােৱে তাত॥ ২০৪
দশ পাপ হৰে পদে দশহৰা নাম।
তাত দেখে যিজনে সুভদ্রা কৃষ্ণ ৰাম॥
সমস্ত পাতক তাৰ হৱে মষিমূৰ।
অন্ত-কালে মহাসুখে পাৱে বিষ্ণু-পুৰ॥ ২০৫
উত্তমার্ক দক্ষিণার্ক দিনা যিটো নৰে৷
ৰাম কৃষ্ণ সুভদ্ৰাক দেখন্ত সাদৰে॥