এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২
৫১
অজামিলোপাখ্যান

আন প্ৰায়শ্চিত্তে  পৱিত্ৰ কৰিবে
 নৱাৰে তাৰ সমান॥
যিটো পাতকৰ  প্ৰায়শ্চিত্ত কৰে
 দুনাই তাতে মন মজে।
চিত্তৰ শোধন  হৰিৰ কীৰ্ত্তনে
 পাপৰ আলু উভঞ্জে॥ ১১
পুল্ৰ-নাম ধৰি  উপহাস্য কৰি
 হেলাতো যি বোলৈ হৰি।
তাহাৰো সমস্ত  পাতক দহৱে
 জানা আক নিষ্ঠ কৰি॥
পৰৈ বা পিছলে  সৰ্পে বা দংশৱে
 জ্বৰে তাপে পীড়া কৰে।
এতেকতে যদি  হৰি-নাম লৱে
 যম-যাতনাকো তৰে॥ ১২
হৰিনামে সৱ  পাতক দহৱে
 জ্ঞানে বা অজ্ঞানে বোলে।
যেন হুতাশনে  শুকান কাষ্ঠক
 আতি অপ্ৰয়াসে পোলে॥
প্ৰমাদত থাকি  যিটো হৰি বোলে
 সিও সৱ দুঃখ তৰে।