পৃষ্ঠা:Kirtan Ghosha.pdf/৬১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৯ ]
৬০৭
উৰেষা-বৰ্ণন


নমো ব্ৰহ্মগামী দেৱীক প্ৰণামো
 দিয়োক মোক মুকুতি॥ ১৯০
কমল-লোচনী নমো কাত্যায়নী
 কৰা মোক পৰিত্ৰাণ।
বলোৰ ভগিনী সুভদ্ৰাক নমি
 পাৱে বিষ্ণু-লোকে স্থান॥
এক কল্প মানে  দেৱে যেন ক্ৰীড়ে
 পাছে বিপ্ৰ হোৱে আসি।
অন্ত-কালে সিও  মুকুতিক পাৱে
 বৈষ্ণৱ জ্ঞান অভ্যাসি॥১৯১

ঊনবিংশ কীৰ্ত্তন

ঘোষা॥ ৰাম গোপাল ত্ৰাহি প্ৰভু পশিলো শৰণে।
 কত নিৱেদিবো দুখ তোমাৰ চৰণে॥১৯


পদ॥ বলো কৃষ্ণ সুভদ্ৰাক নমি ভক্তিভাৱে।
 ধৰ্ম্ম অৰ্থ কাম মোক্ষ সমস্তকে পাৱে॥
 কৃতকৃত্য হুয়া পাছে দৌলৰ বজাইব।
 বিষ্ণুৰ থানক নমি আউৰ স্থানে যাইব॥ ১৯২
 যৈতে আছা ইন্দ্ৰনীলময় বনমালী।
 গুপুত কৰিয়া তাঙ্ক ঢাকি আছে বালি॥