পৃষ্ঠা:Kirtan Ghosha.pdf/৬১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০৪
[খণ্ড ২
কীৰ্ত্তন-ঘোষা


অষ্টাদশ কীৰ্ত্তন

ঘোষা॥ এ ৰাম নিৰঞ্জন ৰাম নিৰঞ্জন।
 ৰাম নিৰঞ্জন হৰি॥ ১৮


পদ॥ জয় কৃষ্ণ জয়। জয় জগন্নাথ
 সৰ্ব্ব-পাপ-বিনাশন।
 জয়তি চাণুৰ  কেশীৰ অন্তক
 জয় কংস-নিসূদন॥

 জয় পদ্ম-পত্ৰ-  সদৃশ-লোচন
 ধৰি আছা চক্ৰ গদা।
 জয় নীল মেঘ-  সম শ্যাম জয়
 সৰ্ব্ব-সুখ-দাতা সদা॥ ১৮৪

 জয় জগতৰ   পূজ্য জয় ভৱ-
 নাশন সন্তৰ গতি।
 জয় ভকতৰ  বাঞ্ছা-ফল-দাতা
 জয় নাথ লোকপতি॥

 দুৰ্ঘোৰ সংসাৰ  আত নাই পাৰ
 অপাৰ সাগৰ যেন।
 কাম-ক্ৰোধ-গ্ৰাহে  সদায় আকুল
 দুঃখচয় ভৈল ফেন॥ ১৮৫