পৃষ্ঠা:Kirtan Ghosha.pdf/৬১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৭]
৬০১
উৰেষা-বৰ্ণন

অনন্তৰে কল্প-বৃক্ষ  বটৰ মূলক গৈয়া
 প্রদক্ষিণ কৰি তিনিবাৰ।
পৰম ভকতিভাৱে পুজিব বটৰ পাৱে
 হেন মন্ত্র কৰিব উচ্চাৰ॥ ১৭২

সপ্তদশ কীর্ত্তন

ঘােষা॥ প্ৰণামাে পৰম পুৰুষ ৰাম।
নুগুচোক মুখে মাধৱ নাম॥ ১৭


পদ॥ নমাে ব্ৰহ্মৰূপী প্রলয়গামী।
 আছা মহীন্দ্ৰৰ উপৰে তুমি ॥
 প্রণাম কৰো বট তৰুবৰ।
 প্রলয়-কালতাে তুমি অমৰ ॥ ১৭৩
 তুমিসি হৰিৰ মুখ্য আশ্রয়।
 প্রণামাে বট পাপ কৰা ক্ষয়॥
 প্রণামিয়া হেন মন্ত্র উচ্চৰি।
 বটক নৰে প্রদক্ষিণ কৰি ॥ ১৭৪
 তেতিক্ষণে ছাড়ে সমস্তে পাপ।
 যিমতে জীণ চোঞ্চা এড়ে সাপ॥


পা* ১৭৩ ॥ মহীন্দ্ৰৰ-মহেন্দ্ৰৰ (মহদ্ৰসোপৱিষ্টায়- ব্রহ্মপু* ৫৭৷১ ৩)
 ১৭৫॥ চোঞ্চা-চোঞ্চ।