পৃষ্ঠা:Kirtan Ghosha.pdf/৬১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০০
[খণ্ড ২৫
কীৰ্ত্তন ঘোষা

নমো শিৱ মহা শান্ত  সমস্ত পাপৰ অন্ত
 স্নান কৰো মাৰ্কণ্ডেয় হ্ৰদে।
মোৰ যত পাপচয়  নিৰন্তৰে হোক ক্ষয়
 প্ৰণাম কৰোহো তযু পদে॥
নাভি মাত্ৰ জলে নামি  বিধিৱতে দেৱ ঋষি
 তিলোদকে কৰিব তৰ্পণ।
স্নান-অৱসানে পাছে  শিৱৰ দৌলেক আছে
 তাক লাগি কৰিব গমন॥১৭০
তিনি প্ৰদক্ষিণ কৰি  পূজি মূল মন্ত্ৰ পঢ়ি
 শিৱৰ লিঙ্গক একমতি।
পৰিয়া প্ৰণাম কৰি  উঠি পুটাঞ্জলি ধৰি
 কৰিব হৰক হেন তুতি॥
নমো নমো ত্ৰিনয়ন  শিৰে শশী বিভূষণ
 প্ৰভু বিৰূপাক্ষ মহাদেৱ।
তুমি বিনা নাহি আন  কৰা মোক পৰিত্ৰাণ
 তোমাৰ চৰণে কৰো সেৱ॥ ১৭১
কহিলো তহিৰ কথা  হেন মন্ত্ৰ পঢ়ি তথা
 দশ অশ্বমেধ ফল পাইব।
শিৱ-লোকে ভোগ ভুঞ্জি  পাছে শিৱ-যোগ যজি
 শিৱৰ শৰীৰে লীন যাইব॥