পৃষ্ঠা:Kirtan Ghosha.pdf/৬০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯৮
[খণ্ড ২৫
কীৰ্ত্তন ঘোষা

দেখে উপবাসে  সিটো নৰে পাৰে
 তাহাতো অধিক ফল॥ ১৬৫
পঞ্চ তীৰ্থ কৰি  যিটো দ্বাদশীত
 কৃষ্ণ-মুখ দেখে যাই।
অপ্ৰয়াসে সিটো  বিষ্ণুপুৰী পাৰে
 দুনাই পতন নাই॥
হেন জানি যত্ন  জ্যৈষ্ঠৰ যাত্ৰাক
 কৰিবা সমস্ত নৰে।
পঞ্চ তীৰ্থ কৰি  বিষ্ণুক দেখিবা
 ধৰ্ম্ম নাহি আত পৰে॥১৬৬
বিদূৰতে থাকি  যিটো প্ৰতিদিনে
 কৃষ্ণৰ কীৰ্ত্তন কৰে।
আতি অপ্ৰয়াসে  বিষ্ণু পুৰী পাৱে
 শুদ্ধ হুয়া সিও নৰে।
কৃষ্ণৰ যাত্ৰাক  কৰে যিটো নৰে
 পৰম ভকতিভাৱে।
সমস্ত পাতক  দুৰ কৰি সিও
 বিষ্ণুৰ পুৰাক পাৱে॥ ১৬৭
মাধবৰ ধবজ  দণ্ডক যি নৰে
 দেখয় দৌল-উপৰে।