পৃষ্ঠা:Kirtan Ghosha.pdf/৬০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৩]
৫৯৩
উৰেষা-বৰ্ণন

দুনাই দুনাই কৰাে নমস্কাৰ।
কৰা প্রভু আমাক উদ্ধাৰ॥
তুমি দিয়া ভুকুতি মুকুতি।
কৰো সেৱা এহিসে যুগুতি॥ ১৪৭
দুনাই ৰাজা পৃথিৱীত পৰি।
বিষ্ণুক বােলন্ত কৰ যুৰি॥
ঋষিগণ দেৱাসুৰ বল।
যত যােগী সন্যাসীসকল॥ ১৪৮
যিটো পদ সদা কৰে ধ্যান।
ইছা তাক তৈতে দিয়া স্থান॥
মাধৱে বােলন্ত এহি হােক।
অন্তকালে পাইবা গৈয়া মােক। ১৪৯
নকৰিবা সংশয় ইহাত।
নিষ্ঠ কৰি বুলিলাে তােমাত॥
কৃষ্ণৰ কিঙ্কৰে এভু ভণে।
হৰি হৰি বােলা সর্ব্ব জনে॥ ১৫০

 

পা* ১৪৯॥ ইছা-ইচা (তৎপদং গন্ধমিচ্ছামি-ব্ৰহ্মপু* ৫১৷২১)।

৩৮