পৃষ্ঠা:Kirtan Ghosha.pdf/৬০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৩]উৰেষা-বৰ্ণন
৫৯১

সাজিলা সুভদ্ৰা তনু সুবৰ্ণ গৌৰাঙ্গ।
ৰত্নময় অলঙ্কাৰে প্ৰকাশে সৰ্বাঙ্গ।
দিব্য বস্ত্ৰে আবৃত উন্নত তন দুই।
বোলা হৰি লাগোক পাপৰ মুণ্ডে জুই ও ১৩৮


ত্ৰয়োদশ কীৰ্ত্তন

ঘোষা॥ কমলাকান্ত কৰা কৃপা কৰুণা-সাগৰ॥১৩

পদ॥ ক্ষেণেকতে সাজিলা প্ৰতিমা।
দেখি ৰাজা পৰম মহিমা॥
বুলিলাহা বিস্ময়ে বচন।
নোহা নৰ তোৰা দুয়োজন॥ ১৩৯
কিবা তোৰা দুয়ো সূৰ্য্য শশী।
ব্ৰহ্মা ৰুদ্ৰ কিবা আছ। আসি।
নজানোহো স্বৰূপ সাক্ষাত।
কৈয়ো সত্যে শৰণ তোমাত॥ ১৪০
শুনি বিষ্ণু বুলিলা বচন।
নোহো ব্ৰহ্মা ৰুদ্ৰ আন জন॥
মঞি হৰি জগত-ঈশ্বৰ।
মোতে আছে যত চৰাচৰ॥ ১৪১