পৃষ্ঠা:Kirtan Ghosha.pdf/৬০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১২
৫৮৯
উৰেষা-বৰ্ণন

দিব্য-গন্ধ-মালা পিন্ধি ধৰি বিপ্ৰ-ৰূপ।
ৰাজাক বোলন্ত ঐত কি কৰিয় ভূপ।৷
কি কাৰ্য্যে ছেদিলা ইটো মহা তৰুবৰ।
নিৰ্জ্জন স্থানত কেনে থাকা একেশ্বৰ।৷ ১২৮
শুনিয়া নৃপতি তাসম্বাক চাইলা পাছে।
যেন চন্দ্ৰ সূৰ্য্য দুয়ো প্ৰকাশন্তে আছে।৷
নমস্কাৰ কৰি ৰাজা বুলিলা বচন।
শুনিয়োক দুয়ো গুৰু মোৰ প্ৰয়োজন।৷ ১২৯
মাধৱক আৰাধিবে মোৰ ভৈল মতি।
সাজিবোহো দাৰুময়ী প্ৰতিমা সম্প্ৰতি।৷
স্বপ্নত আদেশ মোক দিলা নাৰায়ণ।
কহিলো তোমাৰ আগে স্বৰূপ বচন।৷ ১৩০
হেন শুনি বিপ্ৰ-ৰূপ-ধাৰী চক্ৰপাণি।
তুষ্ট হুয়া নৃপতিক বুলিলন্ত বাণী।৷
ধন্য ধন্য ৰাজা বুদ্ধি উত্তম তোমাৰ।
সংসাৰ সাগৰে আত কিছু নাহি সাৰ॥ ১৩১
যেন জল-বুদবুদ্‌ তিলে হোৱে ছন্ন।
বিষ্ণু আৰাধিতে তযু সম্পজিল মন।৷
কিনো ভাগ্যবতী সসাগৰা বসুমতী।
যাহাৰ পালক ভৈলা আপুনি নৃপতি।৷ ১৩২