এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
৪৯
অজামিলোপাখ্যান

শঙ্খ চক্ৰ গদা  পদ্ম শাৰ্ঙ্গ ধনু
 সৱে ধৰি আছা হাতে।
ৰত্নৰ মেখলা  কটি মাঝে জ্বলৈ
 সোণাৰ কিঙ্কিণী তাতে॥
কৰিকৰ সম  উৰু নিৰুপম
 পাৱ নৱ পদ্মকোষ।
সমান-বয়স  চাৰিৰো দেখন্তে
 মনত মিলৈ সন্তোষ॥ ৭
সূৰ্য্য সম সৱে  জ্বলন্তে আছাহা
 সমস্ত দিশ প্ৰকাশি।
মহাপাপী ইটো  বিপ্ৰক নেহন্তে
 কিসক বাধিলা আসি॥
হেন শুনি হাসি  চাৰি বিষ্ণু-দূতে
 দিলন্ত পাছে উত্তৰ।
কোন পাপ পুণ্য  একো নজানস
 শুনৰে যম-কিঙ্কৰ॥ ৮
মৰিবাৰ বেলা  ইটো অজামিলে
 নাৰায়ণ নাম লৈল।
কোটি জনমৰ  যত মহাপাপ
 তাৰো প্ৰায়শ্চিত্ত ভৈল॥