পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮৬
[ খণ্ড ২৫
কীৰ্ত্তন-ঘোষা

একাদশ কীৰ্ত্তন

ঘোষা॥ জয় হৰি গোপাল।
 জগন্নাথ কৃপালু॥ ১১

পদ॥ সাধু সাধু মহাৰাজ।
 সাৰ্থক তোমাৰ কাজ॥
 যজ্ঞ দানে ভক্তিভাৱে।
 তুষিলা আমাৰ পাৱে। ১১৫
 কৰা অনুশোচ বৃথা।
 জানিলো তোমাৰ কথা॥
 প্ৰতিমা থাপিবা ঐত।
 শুনা তাক পাইবা যৈত।৷ ১১৬
 ৰজনী-প্ৰভাতে বীৰ।
 যাইবা সাগৰৰ তীৰ।
 বৃক্ষক দেখিবা পাছে।৷
 জল থল মাজে আছে॥ ১১৭
 ঢউ লাগি সাগৰৰ।
 নকম্পন্ত তৰুবৰ।৷
 হাতত পৰশু লৈয়া।
 একলে দেখিবা গৈয়া।৷ ১১৮