পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০
৫৮৫
উৰেষা-বৰ্ণন

যেন নীল বৈদুৰ্য্য শৰীৰে কৰে কান্তি।
হৃদয় মধ্যত জ্বলে শুক্ল লোম-পান্তি॥১১১
পীত বস্ত্ৰে শোভে তনু কটিত মেখলা।
কণ্ঠত কৌস্তুভ শোভে গলে বনমালা।৷
কিৰীটি কুণ্ডল হাৰ কেয়ূৰ কঙ্কণ।
সৰ্ব্বাঙ্গে প্ৰকাশে মহাৰত্নৰ ভূষণ॥ ১১২
নূপুৰে ৰঞ্জিয়া আছে পাদ–পদ্ম দুই।
যাক দেখি ধ্যানত ভকত সুখী হুই।৷
প্ৰসন্ন বদন জ্বলে কমল–লোচন!
যাক দৰশনে হোৱে পাতক-মোচন।৷ ১১৩
যুগান্তৰ সূৰ্য্য যেন আছন্ত প্ৰকাশি।
ৰাজাক বুলিলা হেন বাণী হৰি হাসি।৷
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি।
বোলা হৰি হৰি সৱে হৌক সদগতি॥ ১১৪