পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯]
৫৮১
উৰেষা-বৰ্ণন


তোমাৰ ভকত  হওঁ যেৱে মঞি
 জগন্নাথ কৃপা কৰা।
সংসাৰ-সাগৰে মজিলো মাধৱ
 আমাক প্ৰভু উদ্ধাৰা॥
তুমি ব্যতিৰেকে  নাহি বন্ধু আন
 যি মোৰ চিন্তা কৰয়।
তুমি হেন যদি নাথ পাওঁ প্ৰভু
 কহিতো নাহিকে ভয়॥ ৯৮
তুমি জগদ্ধাতা তোমাৰ চৰণে
 ভকতি নভৈল যাৰ।
তাৰ কুল শীল বিদ্যা ব্যৰ্থ সৱে
 কি কৰে জীৱন ছাৰ॥
যিটো মোহ হুয়া তোমাক নিন্দয়
 অসুৰ-স্বভাৱ পাই।
উপজি উপজি নৰকত পড়ে
 তাহাৰ নিস্তাৰ নাই॥ ৯৯
যৈতে তৈতে গৈয়া  জন্ম লভো মঞি
 আপুন কৰ্ম্মৰ গতি।
তৈতে তৈতে হৰি  তোমাৰ চৰণে
 থাকোক দৃঢ় ভকতি॥