পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৯]
৫৭৯
উৰেষা-বৰ্ণন


দ্বিজ শূদ্ৰ ধনী দুখ তপস্বী যতেক।
ৰাজ ৰাজ-ভৃত্য অন্যো মনুষ্য় অনেক॥
সৱাৰে গৃহত বাৰে বাৰে ভৈলো জাত।
অনেকৰ ভৈলো প্ৰভু ভৃত্য অসংখ্যাত॥ ৯৩
হওঁ কতো দৰিদ্ৰ ঈশ্বৰ অধিকাৰী।
কতো মোকে মাৰে কতো ময়ো আছো মাৰি॥
মই আনি কাটো কতো মোক ধৰি কাটে।
ভণিল শঙ্কৰ ৰাম-নাম বোলা ঝাণ্টে॥ ৯৪

নৱম কীৰ্ত্তন

ঘোষা॥ ও হৰি প্ৰভু জগন্নাথ
  নিস্তাৰ কৰা দাৰুণ সংসাৰে।
 কৃষ্ণৰ চৰণ ছাড়ি আন গতি
  নেদেখো হামাৰে॥ ৯

পদ॥ পিতৃ মাতৃ ভ্ৰাতৃ  ভাৰ্য্য়াৰ সংযোগে
  কতোহো মিলে সন্তোষ।
 তাহাৰ বিয়োগে  কতো শোকে কান্দো
  পায়া কতো অসন্তোষ॥
 দেৱ মনুষ্যত  পশু পতঙ্গত
  জগত-মধ্যত স্বামী।