পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭৮
[ খণ্ড ২৫
কীৰ্ত্তন-ঘোষা

শোক-তৃষ্ণা-উৰ্ম্মিক দেখন্ত চমৎকাৰ।
অত্যন্ত চঞ্চল অনুমাত্ৰো নুহি সাৰ।৷
মায়ায়ে মোহিল হেন সংসাৰত আতি।
চিৰকালে ভ্ৰমো প্ৰভু হুয়া নানা জাতি।৷ ৮৮
লভিলোহো জন্ম প্ৰভু অসংখ্য-প্ৰমাণ।
পঢ়িলোহো বেদ-শাস্ত্ৰ অনেক পুৰাণ।৷
অসন্তোষ সন্তোষক লভিলো আপাৰ।
ক্ষয় বৃদ্ধি উদয়কো পাইলো বাৰম্বাৰ॥ ৮৯
সংযোগ বিয়োগ শত্ৰু মিত্ৰ বান্ধৱৰ।
দেখিলো সংসাৰে পিতৃ-মাতৃক বিস্তৰ।৷
সুখ-দুঃখ-অনুভৱ ভৈল অসংখ্যাত।
পাইলো পুত্ৰ ভ্ৰাতৃ জ্ঞাতি অনেক ইহাত।৷ ৯০
বিষ্ঠা-মূত্ৰে পচিলো নাৰীৰ উদৰত।
গৰ্ভ-বাস-দুঃখ প্ৰভু পাইলো নানামত।৷
জানিলোহো দুঃখ শিশু-যুৱা-বৃদ্ধ-কালে।
মৰণ-পীড়াক প্ৰভু জানিলোহো ভালে।৷ ৯১
যম-পুৰে যেন দুঃখ পাইলে সমস্তকে।
জানিলো যাতনা যেন চৌৰাশী নৰকে।৷
কৃমি কীট হস্তী ঘোৰা মৃগ বৃক্ষ পক্ষী।
গৰু উট মহিষ পশুক যত দেখি॥ ৯২