পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮
৫৭৭
উৰেষা-বৰ্ণন

চৈতন্য-স্বৰূপে ব্যাপি এক নিৰঞ্জন।
তোমাক বুলিবে দ্বৈত কোন অজ্ঞজন।৷ ৮৩
নিচল নিৰ্ম্মল সূক্ষ্ম-ৰূপ যিটো স্বামী।
দেৱে যাক নজানন্ত কেনে জানো আমি॥
অপৰ তোমাৰ ৰূপ যাৰ ভুজ চাৰি।
পীত বস্ত্ৰে শোভে শঙ্খ-চক্ৰ-গদা-ধাৰী॥ ৮৪
পিন্ধি আছা ৰত্নৰ মুকুট টাৰ হাৰ।
হিয়াত শ্ৰীবৎস গলে বনমালা যাৰ।৷
সেহিসে মূৰ্ত্তিক আৰাধন্ত দেৱগণে।
তাকেসে ভকতজনে চিন্তে সৰ্ব্বক্ষণে॥ ৮৫
বিষয়-সাগৰে মজো কমল-লোচন।
ভকত-অভয়-দাতা কৰিয়ো মোচন।৷
তুমি ব্যতিৰেকে আন নেদেখো কাৰণ।
শ্ৰীমধুসূদন প্ৰভু হুয়োক প্ৰসন্ন॥ ৮৬
নানাবিধ ব্যাধি জৰা শোকে মোক পীড়ে।
কৰ্ম্ম-পাশে বন্ধ ভৈলো লোভ মোহ নেড়ে।৷
সংসাৰ-সাগৰে জল বিষয়ৰ ক্লেশ।
ইন্দ্ৰিয় আৱৰ্ত্ত গ্ৰাহ ভৈল ৰাগ-দ্বেষ॥ ৮৭


পা° ৮৩॥ অজ্ঞজন—অসজ্জন।

৩৭