পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬]
৫৭৯
উৰেষা-বৰ্ণন

 পূজিয়া পৱিত্ৰ কৰিয়া থান।
 দিলন্ত ৰাজা পাছে অৰ্ঘ্য দান॥
 মিলিল উৎসৱ ক্ষেত্ৰক ভৰি।
 পলাওক পাপ বোলা হৰি হৰি॥ ৫৯

যষ্ঠ কীৰ্ত্তন

ঘোষা॥ জয় গোৱিন্দ দায়াশীল জয় জগন্নাথ।
 মাধৱ প্ৰণামো ভূমিত থৈয়া মাথ।৷

পদ॥ অনন্তৰে ইন্দ্ৰদ্যুম্ন ৰাজা ৰাজেশ্বৰ।
 কলিঙ্গপতিক মাতি দিলন্ত উত্তৰ।৷
 বিন্ধ্য পৰ্ব্বতক যাহা ৰাজাগণ লই।
 ভদ্ৰতৰ শিলাক শকটে আনা বই॥ ৬০
 দৌল সাজি দেবতাক থাপিবো সম্প্ৰতি।
 হেন শুনি চলি গৈল কলিঙ্গ-নৃপতি।৷
 মন্ত্ৰীক মাতিয়া পাছে ৰাজা আদেশয়।
 চাৰিও দিশক লাগি পাঞ্চা দূতচয়॥ ৬১
 আনোক হাঙ্কাৰি ৰাজাগণ নিৰন্তৰ।
 চতুৰঙ্গ সেনা লৈয়া আসোক সত্বৰ॥