পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭০
[খণ্ড ২৫
কীৰ্ত্তন-ঘোষা

পৰম দুর্ল্লভ ক্ষেত্ৰক পাই।
গুণন্ত পাছে ইন্দ্রদ্যুম্ন ৰায়।৷
ঐত আৰাধিবাে বিষ্ণুক আমি।
পৰমগুৰু জগতৰ স্বামী॥ ৫৪
তাহান পৰম ক্ষেত্র প্রকট।
তহিতে আছে কল্প-বৃক্ষ বট॥
যাক পূজি পাৱে জন্মৰ সীমা।
নাহিক বিষ্ণুৰ ঐত প্রতিমা।৷ ৫৫
বান্ধিবাে দৌল কৰি মহাযত্ন।
এক স্থান কৰি সুৱৰ্ণ ৰত্ন।৷
যজিবাে যজ্ঞ দিয়া মহাদান।
হােৱন্ত হৰি যেন বিদ্যমান।৷ ৫৬
থাপিবােহাে দৌলে তাঙ্ক আপুনি।
এহিমতে ৰাজা মনত গুণি।৷
আনিয়া দৈৱজ্ঞ বিপ্র প্রধান।
নির্ণয় কৰিলা দৌলৰ থান।৷ ৫৭
শুভ দিন শুভ যােগ বিচাৰি।
থৈলন্ত পূর্ণ কুম্ভ সাৰি সাৰি।৷
বৱাইলা মাঙ্গল্য বাদ্য অনেক।
বেদক ঘােষন্ত বিপ্র যতেক॥ ৫৮