পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫
উৰেষা-বৰ্ণন

লোকৰ কৰিয়া পাপ উপান্ত।
দক্ষিণ সাগৰক বহি যান্ত।৷
গঙ্গাৰ সমান তীৰ্থ বিশেষ।
দুয়ো কুলে আছে অনেক দেশ।৷ ৪১
হৃষ্ট-পুষ্ট লোক তৈত সদায়।
বসনে-ভূষণে ভূষিত কায়।৷
বেদবিদ বিপ্ৰ আছে আপাৰ।
প্ৰত্যহে অগ্নিহোত্ৰ সিজে তাৰ॥ ৫০
সদায় নুগুচে শাস্ত্ৰ-আলাপ।
বেদ-ধ্বনি শুনি পলাৱে পাপ।৷
ক্ষেত্ৰত আছে যত নাৰীগণ।
সৱাৰো গাৱে শোভে আভৰণ॥৫
আয়ত লোচন পদ্মৰ পাসি।
নুগুচে মুখত ঈষত হাসি।৷
ৰূপে বিদ্যাধৰী-সম সাক্ষাত।
কৰন্ত লয়-লাসে আয়াযাত॥ ৫২
অনেক তপস্বী তপ আচৰে।
সন্ন্যাসীসৱে বসি ধ্যান কৰে।৷
ব্ৰহ্মচাৰীসৱো ভ্ৰমন্ত তথা।
ক্ষেত্ৰৰ কহিবো কত ব্যৱস্থা॥৫৩