এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১
৪৭
আমিলোপাখ্যান

অনেক অধৰ্ম্ম  কৰন্তে বিপ্ৰৰ
 আয়ু ভৈল সমাপত।
ভয়ঙ্কৰ তিনি-  গোটা যমদূত
 আগে ভৈল উপগত॥২
হাতে পাশ-জৰী  চক্ষু টেৰ কৰি
 থূলন্তৰ তাৰ জাঙ্গ।
কৃষ্ণবৰ্ণ কায়  দেখি ধাতু যায়
 হাতত লোহাৰ ডাঙ্গ॥
ব্ৰাহ্মণক ধৰি  জীৱ বাজ কৰি
 বান্ধিলেক হাত তুলি।
ভয়ে অজামিলে  পুল্ৰক ডাকিল
 আইস নাৰায়ণ বুলি॥ ৩
মৰন্তে বিপ্ৰৰ  মুখত শুনিয়া
 হৰিৰ কীৰ্ত্তন বাণী।
প্ৰভু-নাম লৱৈ  বুলি খেদি আইল
 বিষ্ণু-দূত চাৰি প্ৰাণী॥
যমৰ দূতক  খেদায়া বিপ্ৰৰ
 কাটিল বান্ধ হাতৰ।


পা ৩॥ চক্ষু টেৰ- চক্ষু বোঁড়, চক্ষু ওঁৰ