পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬৬
[খণ্ড ২৫


চতুৰ্থ কীৰ্ত্তন

ঘোষা॥ গোপাল গৰুড়-কেতু প্ৰণামো চৰণে।
 নিয়োক নিস্তাৰি হৰি পশিলো শৰণে॥৪

পদ॥ হেন শুনি দিলে পাছে ব্ৰহ্মাক উত্তৰ।
 ব্ৰহ্মৰ ক্ষেত্ৰৰ কথা শুনা সৃষ্টিকৰ॥
 জগতত কৰি মই যিহেতু উত্তম।
 সি কাৰণে নাম মোৰ পুৰুষ-উত্তম॥ ৩৭
 ভৈলো সিটো ক্ষেত্ৰে মই আপুনি সাক্ষাত।
 পুৰুষোত্তম নামে ক্ষেত্ৰ তাতেসে প্ৰখ্যাত॥
 বিনা যজ্ঞ দান তপ যোগৰ যুগুতি।
 চাৰিও বৰ্ণক দেয় ভুকুতি মুকুতি।৷ ৩৮
 সিটো মহাক্ষেত্ৰ দশ যোজন প্ৰকট।
 দক্ষিণ সাগৰ তীৰে আছে সিদ্ধ বট।৷
 যাৰ ছায়া-পৰশনে হোৱে মহোদয়।
 দৰশন-মাত্ৰে ব্ৰহ্ম-হত্যা হোৱে ক্ষয়॥ ৩৯
 প্ৰদক্ষিণ কৰি যিটো কৰে নমস্কাৰ।
 মোৰ থান পাৱে কৰি পুৰুষ উদ্ধাৰ।৷
 প্ৰলয়তো নাহি সিটো বটৰ বিনাশ।
 সেই থানে বটৰ উত্তৰ দিশ-পাশ।৷ ৪