পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৫৬৫
উৰেষা-বৰ্ণন

জগত নিৰ্ম্মিয়া কৰিলা ধ্যান।
তেখণে তান ভৈলো বিদ্যমান॥
সজল মেঘ শৰীৰৰ কান্তি।
হিয়াত প্ৰকাশে শ্ৰীবৎস-পান্তি।৷ ৩২
তনুক ৰঞ্জে আতি পীত বস্ত্ৰ।
হাতত চক্ৰ ধৰি আছো অস্ত্ৰ।৷
কমল-লোচন মুখ প্ৰসন্ন।
দেখি ব্ৰহ্মা উঠি দিলা আসন॥ ৩৩
অক্ষতে অৰ্ঘে পূজি প্ৰজাপতি।
কৰিলা আমাক অনেক স্তুতি।৷
ব্ৰহ্মাক পাছে দিলো সমিধান
কি কাৰ্য্যে আমাক কৰিলা ধ্যান॥ ৩৪
হেন শুনি ব্ৰহ্মা মাতিলা পাছে।
কোন মুখ্য সাধ্য লোকৰ আছে।৷
বিনা যজ্ঞ যোগ ব্ৰত নিয়ম।
নকৰি তপ-তীৰ্থ-পৰিশ্ৰম॥৩৫
পাইবেক মহাসিদ্ধি অপ্ৰয়াসে।
কহিয়ো আমাত জগনিৱাসে।৷
কোন বা উত্তম ক্ষেত্ৰ তোমাৰ।
বোলা হৰি হৰি তৰা সংসাৰ॥৩৬