পৃষ্ঠা:Kirtan Ghosha.pdf/৫৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬৪
[ খণ্ড ২৫
কীর্ত্তন-ঘােষা

কোন কৰ্ম্মে পাৰে সংসাৰ পাৰ
কহিয়ো মোত কিবা ধৰ্ম্ম সাৰ।৷
কৰুণা আছে দাসী বুলি যদি।
গুচায়ো আমাৰ সংশয় ছেদি॥ ২৭
মাধৱে বোলন্ত শুনিয়ো প্ৰিয়া।
আমাৰ কথাত কৰিয়ো হিয়া॥
আছে মহাক্ষেত্ৰ কৈলো তোমাত।
পুৰুষোত্তম নামে প্ৰখ্যাত॥ ২৮
সংসাৰক তৰে তাত নিৱাসে।
মহাসিদ্ধি হোৱে আতি অপ্ৰয়াসে॥
কীৰ্ত্তনতে যাৰ পাপ পলাই।
তিনিও লোকে তাৰ সম নাই।৷ ২৯
নজানে তাক দেৱ সিদ্ধ মুনি।
গুপুত কৰিয়া আছো আপুনি।৷
আজিসে তোমাত কৰো বেকত।
শুনা সাবধানে তাৰ মহত॥ ৩০
ব্ৰহ্মাক মহাপ্ৰলয়ৰ অন্তে।
স্ৰজিলো নাভি–কমলৰ হন্তে।৷
উপজি মোতে পাছে সৃষ্টিকৰে।
স্ৰজিল চৰাচৰ নিৰন্তৰে।৷ ৩১