পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬]
৫৫৭
সহস্ৰ নাম-বৃত্তান্ত


শুনিলো প্ৰভুৰ মুখে সহস্ৰেক নাম।
ধৰিলে নিশ্চয় কৰি পূৰ্ণ ভৈলা কাম।৷
সেহি সহস্ৰেক নাম জপো মঞি মনে।
কহিলো ৰহস্য তুমি ভাৰ্য্যাৰ কাৰণে॥ ৭৬
ৰত্নাকৰ কন্দলি কহিলা হেন সাৰ।
ৰাম-নাম বিনা নাই সংসাৰ-নিস্তাৰ॥
জানিয়া যতনে মাধৱৰ নাম ধৰা।
ৰাম-নাম ভাবিয়া সংসাৰ সুখে তৰা।৷ ৭৭

সহস্ৰ নাম-বৃত্তান্ত সমাপ্ত॥ ২৪।৷