পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫৬
[খণ্ড
কীৰ্ত্তন-ঘোষা

যদিবা তোমাক প্ৰভু কৰে অহঙ্কাৰ।
সিটো পাতকৰ প্ৰভু নেদেখো নিস্তাৰ।৷
শত কোটি কল্প মানে নৰকত পচে।
কদাচিতো সিটো মহাপাতক নুগুচে।৷ ৭১
কি কৰি পৱিত্ৰ মঞি হৈবো নাৰায়ণ।
সেই উপদেশ দিয়া পাতক-নাশন॥
যদি হেন তোমাক আগমে কৰো ছন।
তেৱে মোৰ হৈবেক পাতক অমোচন॥ ৭২
মাধৱে বোলন্ত শুনা শঙ্কৰ সম্প্ৰতি।
মোৰ নাম লৈলে পাপ যাইবে অধোগতি।৷
সইস্ৰেক নামে মোৰ পাতক তৰিবা।
সৱাতো অধিক তুমি মোৰ প্ৰিয় হৈবা॥ ৭৩
কৰে মোৰ নামে তিনি লোকক পৱিত্ৰ।
মুকুতি পদকো দেয় আত কোন চিত্ৰ।৷
মোৰ নাম লৈলে মোৰ চৰণক পাৱে।
পৰম ঐশ্বৰ্য্য দেওঁ যাক যি ভাৱে॥ ৭৪
জানিবা শঙ্কৰ মোৰ বাক্য নুহি মিছা।
মোৰ নাম লৈলে পাইবা মনে যেন ইচ্ছা।৷
সহস্ৰেক নাম পাছে আমাৰ আগত।
কহিলা সকলে হৰি কৰিয়া বেকত॥৭৫