পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন৬
৫৫৪
সহস্ৰ-নাম-বৃত্তান্ত

দণ্ডৱতে প্ৰণামিলো কৃষ্ণৰ চৰণ।
পাছে নাৰায়ণে মোক বুলিলা বচন॥
মোতো কৰি তোমাৰ অধিকে হৈবে মান।
যেনমতে হৈব তাৰ কহিবো কাৰণ॥ ৬৬
তোমাক পূজিবো মঞি পৃথিৱীক গৈয়া।
তবু যশ বঢ়াইবো তোমাতে বৰ লৈয়া॥
দ্বাপৰ যুগত আদি ত্ৰেতাৰ অন্তত।
অৱতাৰ হৈবোহো আপুনি জগতত॥ ৬৭
আমাৰ বচনে তুমি হেন কৰিয়োক।
শাস্ত্ৰ কৰি মনুষ্যৰ লোভ বঢ়ায়োক॥
আগমত দেখায়োক সংসাৰৰ সুখ।
তাক দেখি হোৱে যেন আমাত বিমুখ॥ ৬৮
আমাৰ ভকতি-পন্থ সৱে হোক ছন।
আন দেৱ পূজাক সৱাৰে হোক মন॥
আগম দেখায়া কৰা আমাক গুপুত।
তেৱেসে প্ৰজাৰ সৃষ্টি হৈবেক বহুত।৷ ৬৯
মাধৱৰ বাক্য হেন শুনিলোহো আমি।
পাছে ভয় হুয়া হেন বুলিলো প্ৰণামি।৷
সহস্ৰেক ব্ৰহ্ম-বধ যদি কৰে নৰে।
তোমাৰ সেৱায়ে তাকে তাৰিবাক পাৰে।৷ ৭০