পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
৫৪৭
সহস্ৰ-নাম-বৃত্তান্ত

হৰি-নাম জপন্ত চিন্তন্ত অহৰ্নিশি।
হেন শুনি পাৰ্ব্বতীও পুছিলা হৰিষি।৷
স্বামী তুমি সকল দেৱৰ মুখ্য দেৱ।
তোমাক সমস্ত দেৱগণে কৰে সেৱ॥ ৩২
তোমাক সেৱন্ত সদা চন্দ্ৰ সূৰ্য্য বিধি।
তযু বৰ-দানে সমস্তৰে ভৈল সিদ্ধি॥
তোমাৰ নাহিকে জন্ম মৰণ সংসাৰ।
তযু মহিমাৰ কেহো নপাৱন্ত পাৰ॥ ৩৩
হেন দেৱে কাহাক ধিয়াৱা নিৰন্তৰ।
কি কাৰণে তপ কৰা আপুনি ঈশ্বৰ।৷
কিবা মন্ত্ৰ জপা তুমি কহিয়ো আমাত।
পৰম কৌতুকে কৈয়ো পুছিলো তোমাত।৷ ৩৪
তোমাৰ পৰম প্ৰিয়তম ভাৰ্য্যা আমি।
ৰহস্য-কথাক মোত কহিয়োক স্বামী।৷
দ্বিজ কবিশেখৰে কহিলা হেন সাৰ।
হৰি-নাম লৈয়া সৱে হুয়োক নিস্তাৰ।৷ ৩৫