পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৬
[ খণ্ড ২৪
কীর্ত্তন-ঘােষা

বিনা দান ব্রত যজ্ঞ তীর্থকো নাচৰি।
সমস্তে পাতক তৰে কোন কৰ্ম্ম কৰি॥
সুখে পুৰুষৰ কেনমতে হােৱে গতি।
কহিয়াে ৰহস্য-কথা আমাত সম্প্রতি॥ ২৭
আৰো এক প্রশ্ন আমি কৰিবো তােমাত।
কিহেতু শঙ্কৰে তপ কৰন্ত সাক্ষাত॥
আপুনি ঈশ্বৰ তিনি জগততে সাৰ।
তান কাক চিন্তিবাক আছে অধিকাৰ॥ ২৮
মুখে কিবা জপন্ত ধিয়ান্ত কিবা মনে।
কহিয়ােক গুৰু আক শুনাে ৰঙ্গ মনে॥
হেন শুনি নাৰদৰ মনে ৰঙ্গ ভৈলা।
পৰম ৰহস্য কথা কহিবাক লৈলা॥ ২৯
ভাল কথা তুমিসৱে পুছিলা সাম্প্রত।
এহি কথা পাৰ্ব্বতী পুছিলা শঙ্কৰত॥
যােগ-ধ্যানে শঙ্কৰ আছন্ত কৈলাসত।
দেখিলন্ত পার্ব্বতী শিৱৰ ঘােৰ ব্ৰত॥ ৩০
নাহিকে বসন গাৱে দিশ পৰিধান।
ভস্ম-ধূলা সকলে অঙ্গৰ ভৈল ম্লান॥
শিৰে অতি প্রকট বিকট জটা-ভাৰ।
গাৱে সর্পগণ দেখিবাক চমৎকাৰ॥ ৩১