পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৫৪৫
সহস্ৰ নাম বৃত্তান্ত

তৃতীয় কীৰ্ত্তন

ঘোষ॥ হৰি গোৱিন্দ অৰৱিন্দ-লোচন ৰাম।
 মোৰ মুখে নছাড়োক ৰামকৃষ্ণ-নাম।৷ ৩
পদ॥ আছিলা নাৰদ ঋষি ব্ৰহ্মাৰ সভাত।
 বিচাৰিলা অনেক শাস্ত্ৰৰ অৰ্থ তাত॥
 পিতৃ-মুখে বেদৰ আছিলা অৰ্থ শুনি।
 পাছে পৃথিৱীক লাগি আসিলন্ত মুনি।৷ ২৩
 বিষ্ণুত ভকত ঋষি বিষ্ণুতেসে ধ্যান।
 সদায়ে বিষ্ণুত পৰে নভাষন্ত আন।
 হাতে বীণা ধৰি মাধৱৰ গুণ গান্ত।৷
 মাধৱৰ গুণ-নাম লোকত শুনা॥ ২৪
 ফুৰন্ত পৱিত্ৰ কৰি তিনিও লোকক।
 অনন্তৰে চলি গৈলা ঋষি-সমাজক।৷
 নৈমিযাৰণ্যত আছে ঋষিৰ সমাজ।
 ৰঙ্গে তৈত প্ৰবেশ ভৈলন্ত ঋষিৰাজ।৷ ২৫
 দেখিলা ব্ৰাহ্মণ সৱে নাৰদ আসিলা।
 গাৱ চালি আসন আনিয়া তাঙ্ক দিলা।৷
 অতিশয় হৰিষে কৰিয়া নমস্কাৰ।
 হেন প্ৰশ্ন কৰিলন্ত জগততে সাৰ।৷ ২৬


পা• ২৩॥ অৰ্থ তাত-সাৰ তত্ত্ব।