পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৪
[খণ্ড ২৪
কীৰ্ত্তন ঘোষা

থাপিলা হৰি-নাম ঠাৱে ঠাৱে।
বৈষ্ণৱগণেসে বিচাৰি পাৱে।৷
মুকুতিকে এড়ি নাৰদ ঋষি।
হৰি-নাম লৈয়া অতি হৰিষি॥ ১৮
ফুৰন্ত মাধৱৰ গুণ গাই।
বোলন্ত হৰি বিনে গতি নাই।৷
দুষ্ট চিত্তে যদি বোলয় হৰি।
সিওজনে মহাপাতক তৰি।৷ ১৯
বৈকুণ্ঠে যাইতে ভৈল কাছ-পাৰ।
কোটি পুৰুষকো কৰি উদ্ধাৰ॥
হেন হৰি-নাম নলৈয়া নৰে।
আত্মঘাত কৰি মিছাত মৰে।৷ ২০
পাৰ্ব্বতীত হৰে কহিলা আক।
ব্ৰহ্মায়ো কহিলন্ত দেৱতাক।৷
হৰি-নাম বিনে নাহিকে আন।
পুৰাণ বিচাৰি দেখা প্ৰমাণ॥ ২১
সুকবিশেখৰে কহে নিশ্চয়।
কেহো নকৰিবা আত সংশয়।৷
সদায়ে ঘুষিয়োক ৰাম ৰাম।
জানিয়া মিছা আন যত কাম॥ ২২