পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
৫৪১
সহস্ৰ-নাম-বৃত্তান্ত

কৃষ্ণ-কৃত্য নকৰিলো ভৈলোহো বৰ্ব্বৰ।
ইটো হস্ত বাহু মিছা মৃতক শৱৰ।৷ ৪
পাৱ দুই আছন্তে নগৈলো ক্ষেত্ৰ-স্থান।
মোৰ পাৱ ভৈল বৃক্ষ-শিফাৰ সমান।৷
হা হা দায়াময় মোৰ কি কৰিলা গতি।
এভু তুৱা নাম লৈতে হৌক মোৰ মতি।৷ ৫
কৰ্ম্ম-দোষে যিবা জন্ম হওঁ সংসাৰত।
তাতো নছাড়োক চিত্তে তুৱা চৰণত।৷
সদায়ে ঘোযোক ৰাম-নাম মোৰ মুখে।
সংসাৰ-সাগৰে তেৱে তৰো মহাসুখে।৷ ৬
সকল জগত তযু মায়ায়ে মোহিত।
তোমাৰ চৰণে প্ৰভু কেৱে নেদে চিত্ত।৷
পুত্ৰ-দাৰা-নিহলে বান্ধিলো দুই ভৰি।
মৰন্তে আছওঁ তভো নোবোলওঁ হৰি।৷ ৭
দুৰ্ল্লভ মনুষ্য জন্ম ভাৰতত পাইলো।
তোমাক নেসেৱি ব্যৰ্থে জনম গঁৱাইলো।৷
নিচিন্তিলো একবাৰ তোমাৰ চৰণ।
তৰু বন জীয়ে যেন আমাৰ জীৱন॥ ৮


পা• ৪।৷ বাহু-বসো।