পৃষ্ঠা:Kirtan Ghosha.pdf/৫৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৮
৫৩৫
শ্রীকৃষ্ণৰ বৈকুণ্ঠ-প্রয়াণ

উত্তৰ-গৰ্ভে ভৈলা উতপতি।
পৰীক্ষিত পাণ্ডু-বংশ-সন্ততি।৷ ২১৩
দ্ৰৌণিৰ অস্ত্ৰে দহিলেক গাক।
ৰাখিলন্ত কৃষ্ণে ধৰি গদাক॥
কৃষ্ণৰ মহা-অনুগ্ৰহ পাই।
ভুঞ্জিল ৰাজ্য যুধিষ্ঠিৰ ৰায়॥ ২১৪
অনেক বৎসৰ আছো মাধৱ।
যাদৱগণৰ বঢ়াই উৎসৱ।৷
গৃহত পাছে ভৈলা বিৰকতি।
গুণন্ত মনত জগতপতি।৷ ২১৫
আছে যদুগণ দুঃসহ বীৰ।
নুগুচিলা কিছু ভাৰ ভূমিৰ॥
দিয়াইয়া বিপ্ৰ-শাপ প্ৰভু ছলে।
সৱাকো নিলা প্ৰভাসৰ জলে॥ ২১৬
স্নান কৰি সৱে দিলেক দান।
কৰিলে বাৰুণী সুৰাক পান।৷
কৃষ্ণৰ মায়াত চেতন হৰিল।
অন্যো-অন্যে যুজি সৱে মৰিল॥ ২১৭
মাধৱে পাছে স্নান কৰি জলে।
বসিল আসনে অশ্বখ-তলে।৷