এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২
৪৩
ধ্যান-দৰ্শন

চাৰু চতুৰ্ভুজ শোভে সুঠান।
ললিত বলিত নীল মোলান॥
কেয়ুৰ কঙ্কণ বলয়া তাতে।
প্ৰকাশে নৱ কিশলয় হাতে॥ ১৮
ৰত্নৰ শলাকা আঙ্গুলি-পান্তি।
আঙ্গুষ্ঠিচয় তাতে কৰে কান্তি॥
অৰুণ নখ চন্দ্ৰমাৰ শাৰী।
শঙ্খ-চক্ৰ-গদা-পঙ্কজ-ধাৰী॥১৯
গলত গলপতা সাতসৰী।
উড়ে নৱগুণ পীত উত্তৰী॥
শ্যামল শৰীৰে শোভে অধিক।
ময়ূৰ-পুছ যেন চিকমিক॥ ২০
কম্মু-কণ্ঠে শোভে কৌস্তুভ মণি।
প্ৰভাতে উদিত আদিত্য যেনি॥
পূৰ্ণচন্দ্ৰ-ৰুচি মুখমণ্ডল।
কৰ্ণত মকৰ দোলে কুণ্ডল॥ ২১
তাৰ ৰশ্মি জ্বলে গণ্ড পাণ্ডুৰ।
ৰুচিৰ চিবুক চাৰু অধৰ॥


পা•২১॥ যেনি-জিনি।