পৃষ্ঠা:Kirtan Ghosha.pdf/৫৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২২
খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

প্ৰাৰ্থকক নেদিলাহা প্ৰতিশ্ৰুত দান।
নকৰিলা প্ৰাণীক ভয়ত পৰিত্ৰাণ॥ ১৫৪
অতিথিক নেদি কিবা কৰিলা ভোজন।
সিজিল পাতক কিবা অগম্যা-গমন॥
অধমে জিনিলে কিবা আসন্তে পথত।
কিস মিলিল বাপ দুঃখ হেনমত॥ ১৫৫
কহিয়োক বাপু এৱে দুঃখৰ কাৰণ।
বুলিবে খোজন্তে নোহলায় মুখত বচন॥
চক্ষুক মলচি পাছে শোকক তন্তাই।
কাঢ়িল নিশ্বাস বীৰে নৃপতিক চাই॥১৫৬
সৌহৃদ্য সখিত্ব সুমৰিয়া মাধৱৰ।
বোলন্ত অৰ্জ্জুনে ৰাজা শুনা আৰ্থান্তৰ॥
ভণিল শঙ্কৰে কৃষ্ণ-চৰণত পড়ি।
পাতক ছাড়োক ডাকি বোল হৰি হৰি॥১৫৭

চতুৰ্দ্দশ কীৰ্ত্তন


ঘোষা॥ গোপাল হৰি কৰো প্ৰণাম।
 নেড়োক মুখে ৰাম-কৃষ্ণ-নাম। ১৪
পদ॥ কিবা সোধা ৰাজা মোৰ অৱস্থা।
 সৰ্ব্বনাশ ভৈলো কি কৈবো কথা॥