পৃষ্ঠা:Kirtan Ghosha.pdf/৫২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১৮
খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

নৰৈল জনেকো নিৰন্তৰে ভৈলা হত।
হেন শুনি অগ্নি যেন লাগিল গাৱত॥
ক্ৰন্দনৰ উৰ্ম্মি আতি উথলিল বড়।
প্ৰভাসক লাগি সৱে দিলেক লৱৰ॥ ১৩৬
গাৱত চাপড় মাৰে শোকে শ্ৰুতি নাই।
হা পতি পুত্ৰ বুলি গেৰিয়ান্তে যাই॥
এহিমতে গৈয়া সৱে দেখিলন্ত পাছে।
প্ৰভাসৰ তীৰক মৃতকে বেঢ়ি আছে॥ ১৩৭
মৰা পতি পুত্ৰ সোদক গলে ধৰি।
কান্দে নাৰীগণে আতি আৰ্ত্তৰাৱ কৰি॥
মহাশোকে বসুদেৱ দৈৱকী ৰোহিণী।
বলভদ্ৰ কৃষ্ণক চাহান্তে ফুৰে তিনি॥১৩৮
নপাইলন্ত লাগ খুজি কৰিয়া বিচাৰ।
হেৰাইল চেতন শোকে দেখে অন্ধকাৰ॥
তিনিও তেজিল প্ৰাণ কৃষ্ণ কৃষ্ণ বুলি।
মাটিত উফৰি পড়ি মৰিল সমুলি॥ ১৩৯
ক্ৰন্দন এড়িয়া নাৰীগণ অসংখ্যাত।
স্বামীক আলিঙ্গি আৰোহিলন্ত চিতাত॥
ৰেৱতী প্ৰমুখ্যে যত আছে নাৰীগণ।
ৰামক আলিঙ্গি প্ৰৱেশিলা হুতাশন॥ ১৪০