পৃষ্ঠা:Kirtan Ghosha.pdf/৫২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১৪
খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

একাদশ কীৰ্ত্তন


ঘোষা॥ কৃষ্ণ নাথ যাদৱ মাধৱ মধু-ৰিপু॥১১
পদ।৷ মাধৱক চাই দেৱগণে।
 কৰিলা প্ৰণাম ৰঙ্গমনে॥
 ৰূপ দেখি চান্ত এক-দৃষ্টি।
 কৰন্ত আনন্দে পুষ্প-বৃষ্টি॥ ১১৮
 কৰযোড়ে আতি ভক্তিভাৱে।
 জুমা-জুমি কৃষ্ণ-গুণ গাৱে॥
 কতো হৰি-কীৰ্তন কৰন্ত।
 তাৰ ছেৱে কলোহো নাচন্ত॥ ১১৯
 বাজে যন্ত্ৰ আকাশক ছনি।
 কৰে দেৱে দুন্দুভিৰ ধ্বনি॥
 ঘনে ঘনে পুষ্প বৰিষন্ত।
 জয় কৃষ্ণ বুলি জকাৰন্ত॥ ১২০
 শুনি হৰি উপৰক চাইল।
 ব্ৰহ্মাক আগতে ভেট পাইল॥
 আনো সবে দেৱতাক দেখি।
 মুদিলন্ত কৃষ্ণে দুয়ো আখি॥ ১২১
 পাছে যোগ-ধাৰণা ধৰিলা।
 আপুনাক আত্মাতে থাপিলা॥