পৃষ্ঠা:Kirtan Ghosha.pdf/৫২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১২
[খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

অন্যো-অন্যে জ্ঞাতিসৱ মাৰিল সমস্ত।
প্ৰত্যেকে দেখিলা বলভদ্ৰো গৈলা অন্ত॥
শৰ-ঘাৱে ভৈলো ময়ো মৃতক-সমান।
পিতৃত মাতৃত গৈয়া তুমি দিয়া জান॥ ১০৯
দ্বাৰকাত আউৰ নথাকিবা একো নৰে।
মঞি এড়িলত আসি বুড়াইব সাগৰে॥
সবন্ধু-বান্ধৱে সাগৰত হৈবা পাৰ।
নেড়িবাহা বৃদ্ধ পিতৃ মাতৃক আমাৰ॥ ১১০
আসিবা অৰ্জ্জুন সখি দেখিবাক মোক।
তানে লগে যাইব দ্বাৰকাৰ যত লোক॥
ৰাখি নিবা পথে ধনঞ্জয় মহাৰথে।
বঞ্চিবাহা তুমি সৱে গৈয়া ইন্দ্ৰপ্ৰস্থে॥ ১১১
তুমি আচৰিবা ভাগৱত-ধৰ্ম্মচয়।
জ্ঞাননিষ্ঠ হুয়া সৱে এড়িবা বিষয়॥
মায়াৰ ৰচনা ইটো জগতকে জানি।
পাছে তুমি পাইবা মোক কৈলো সত্য বাণী॥ ১১২
শুনিলা দাৰুকে পাছে কৃষ্ণৰ আদেশ।
কৰযোড়ে উঠিলা মনত মহা ক্লেশ॥
প্ৰদক্ষিণ প্ৰভুক কৰিলা সাতবাৰ।
দুনাই দুনাই পড়িয়া কৰন্ত নমস্কাৰ॥ ১১৩