এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১
৪১
ধ্যান-বৰ্ণন

আতি চমৎকাৰ ৰূপ বিপুল।
কন্দৰ্প কোটি যাক নোহে তুল॥ ৯
কোটি ইন্দু সম আছে প্ৰকাশি।
স্মৰণে দহৰে পাতক-ৰাশি॥
ভকতৰ বন্ধু জগত বাপ।
বোলা হৰি হৰি হৰোক পাপ॥ ১০

দ্বিতীয় কীৰ্ত্তন

ঘোষা।

কৰুণা-সিন্ধু ভকত-বন্ধু কৰুণা-সিন্ধু।
ৰূপে তুল নোহে কোটি ইন্দু॥ ২

পদ॥

থিৰ বুদ্ধি কৰি ভকত জনে।
প্ৰত্যেক অঙ্গক চিন্তিব মনে॥
চৰণ-পদ্ম দেখি সুখী হই।
অৰুণ আতি পদ-তল দুই॥১১
অঙ্কুশ পদ্ম ধ্বজ বজ্ৰ যৱ।
দেখি চিহ্ন তাতে মিলে উৎসৱ॥
চৰণ-পঙ্কজ আছে প্ৰকাশি।
আঙ্গুলি-পান্তি তাৰ ভৈল পাশি॥ ১২


:

পাশ ১•॥ স্মৰণে দহবে-স্মৰণতে হবে দহে