পৃষ্ঠা:Kirtan Ghosha.pdf/৫১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন৭]
৫০৫
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্রয়াণ

হুয়া আতি বিস্মৃতি পিতৃক পুত্ৰে মাৰে।
শ্বশুৰে জমাইক ভাই ভ্ৰাতৃক প্ৰহাৰে॥৭৮
শ্যালক ভিনিসি মাৰে আৰ্য্যকক নাতি।
খুড়াতে ভাতিজা কটাকটি কৰে আতি॥
মিত্ৰে মিত্ৰে কৰে যুদ্ধ ভাগিনে মাতুলে।
সুহৃদ সোদৰ যেন নচাৱে বাতুলে॥৭৯
ঢুকুৱাইল অস্ত্ৰ ধনু ভাঙ্গিল কোবত।
প্ৰহাৰে মাদুৰি ধৰি পৰম ক্ৰোধত॥
শৰীৰত পড়ে যেন বজ্ৰৰ সন্ধান।
বিমূৰ্চ্ছিত হুই যদুগণে ছাড়ে প্ৰাণ॥৮০
পাছে ৰাম কৃষ্ণ উঠি হাতক উচাই।
মাজ পশি সৱাকো বাধন্ত দুয়ো ভাই॥
দেখি যদু-বীৰগণো ক্ৰোধে খেদি গৈল।
শত্ৰু-বুদ্ধি তাসম্বাক মাৰিবাক লৈল॥৮১
খঙ্গি ৰাম মাধৱে মাদুৰি লৈলা তুলি।
অনেক যাদৱী সেনা মাৰিলা সমূলি॥
বিপ্ৰ-শাপে অন্যো-অন্যে বংশ ভৈল ছন।
বাংশৰ অগনি যেন পোড়ে বাংশ-বন॥৮২
সাগৰৰ তীৰক ঢাকিল মৰা শৱে।
এৱেসে গুচিল ভাৰ জানিলা মাধৱে॥