পৃষ্ঠা:Kirtan Ghosha.pdf/৫০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯৪
[খণ্ড ২৩
কীৰ্ত্তন-ঘোষা

জ্ঞান-যোগ কৰ্ম্ম-যোগ পৰম ভকতি-যোগ
 সমস্ত কহিলা উদ্ধৱত।
সাংখ্য যোগ যত আছে উদ্ধৱে জানিলা পাছে
 মাধৱৰ পদ-প্ৰসাদত॥
দুনাই পুটাঞ্জলি ধৰি কৃষ্ণক প্ৰণাম কৰি
 বুলিলন্ত হুয়া নম্ৰ-কায়া।
জানিলো তুমিসি সঞ্চা আন যত সৱে মিছা
 তথাপি দুস্ত্যজ মোহমায়া॥ ৩৩
বিষয়ৰ দুঃখ জানি তথাপিতো একো প্ৰাণী
 নেড়ে দুনাই তাকে ভুঞ্জি মৰে।
গলত বান্ধিয়া পাঘে কাটিবাক নেন্তে ছাগে
 যেন নিৰ্লজ্জতা আতি কৰে॥
অনেক ভৰ্ৎসনি পাই উচ্ছিষ্ট ভুঞ্জিবে যাই
 যেন আতি কুকুৰ নিৰ্গতে।
কহিয়োক স্বৰূপত ইটো ঘোৰ বিষয়ত
 বিৰকতি হোৱে কেনমতে॥ ৩৪