এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৪৯৩
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ
অনেক কাৰ্পুণ্য কৰি কৃষ্ণৰ আগত পড়ি
যুড়িলন্ত উদ্ধৱে ক্ৰন্দন।
দেখি দুঃখ ভকতৰ আশ্বাসিলা দামোদৰ
উদ্ধৱক বুলিলা বচন॥ ৩০
স্বৰূপ জানিলা তুমি এড়িবাক চাওঁ ভূমি
সংহৰিলো পৃথিৱীৰ ভাৰ।
দেৱৰো সাধিলো কাজ তোমাত নাহিকে বাজ
কুলৰো চিন্তিলো মহামাৰ॥
সাত দিন অৱসানে সমস্তে দ্বাৰকা মানে
সাগৰৰ জলে যাইবে তল।
আমি এড়িলাত ভূমি ঐত নথাকিবা তুমি
লোকত মিলিবে বিমঙ্গল॥ ৩১
পীড়িবে দুৰ্জ্জন কলি সত্বৰে যায়োক চলি
এড়া বন্ধু-বান্ধৱৰ স্নেহ।
মঞি আত্মা হেন জানি আমাক বান্ধৱ মানি
দেখা ভিন আপুনাৰ দেহ॥
যত দেখা যত শুনা যতেক মনত গুণা
সৱে মায়াময় স্বপ্ন-সম।
সমস্তে জগতে হৰি জানিবা নিশ্চয় কৰি
গুচায়ো বুদ্ধিৰ ইটো ভ্ৰম॥ ৩২