পৃষ্ঠা:Kirtan Ghosha.pdf/৫০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২ ]
৪৮৯
শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ

পৃথিৱীক এড়ি আৱে আসা নিজ স্থান।
আমি সৱ কিঙ্কৰক কৰা পৰিত্ৰাণ॥
মাধৱে বোলন্ত শুনিয়োক প্ৰজাপতি।
পৃথিৱীক এড়িবে আমাৰ আছে মতি॥ ১৭
কিন্তু যেৱে যাওঁ যদু-কুল নসংহৰি।
আৰ ভৰে দুনাই তল যাইবে বসুন্ধৰী॥
আগে আমি ইটো যদু-কুল কৰি ক্ষয়।
তেৱেসে চলিবো ব্ৰহ্মা তোমাৰ নিলয়॥ ১৮
শুনি ব্ৰহ্মা প্ৰণামিল কৰি কৃতাঞ্জলি।
ত্ৰিদশে সহিতে নিজ স্থানে গৈলা চলি॥
দ্বাৰকাত অনেক মিলাৱে উতপাত।
প্ৰত্যেকে দেখাৱে যেন প্ৰজাৰ বিঘাত॥ ১৯
বুলিলন্ত বাণী কৃষ্ণে বংশক শুনাই।
প্ৰভাসক যাইবো আমি এড়ি ইটো ঠাই॥
তোমাৰ বংশত হুয়া আছে ঋষি-শাপ।
ঘোৰ উৎপাত দেখি মিলে হৃদি-তাপ॥ ২০
আজি যাইবো প্ৰভাসক কৰিয়ো উদ্যোগ।
তৈতে স্নানি চন্দ্ৰে এড়াইলন্ত যক্ষ্মা-ৰোগ॥
দক্ষ-শাপ গুচিল পাইলন্ত পূৰ্ণ-কলা।
হেন জানি যদুগণ তৈকে লাগি চলা॥ ২১