পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮৬
[খণ্ড ২৩
কীৰ্ত্তন ঘোষা

কন্দল লগাই আসম্বাৰ মেলে।
পৃথিৱীৰ ভাৰ হৰিবো হেলে।৷ ৩
এহি বুলি পাছে যাদৱ-কুলে।
দিয়াইলা বিপ্ৰ-শাপ প্ৰভু ছলে।৷
মিলিল অমঙ্গল দ্বাৰকাত।
সৱাৰো মনে কৰে উতপাত॥ ৪
ব্ৰহ্মাক আৱৰি ত্ৰিদশ জাক।
আসিলা পাছে সৱে দ্বাৰকাক॥
কৃষ্ণৰ দৰশন-অভিলাষে।
ৰহিলা বিমান যুড়ি আকাশে।৷ ৫.
মহাসমৃদ্ধি দেখি দ্বাৰকাৰ।
বিস্ময় ভৈল আতি দেৱতাৰ॥
কৃষ্ণক পাছে দৰশন পাই।
অদ্ভুত ৰূপক আছিল চাই।৷ ৬
তৃপিতি নাহি চান্ত এক-দৃষ্টি।
কৰন্ত শিৰে পাৰিজাত-বৃষ্টি।৷
কৃতাঞ্জলি কৰি এক যুকুতি।
তৈৰেপৰা সৱে কৰন্ত তুতি।৷ ৭


পা• ৪॥ কুলে--মেলে।