পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮৪
[ খণ্ড ২২
কীৰ্ত্তন ঘোষা

শুনা বুধ জন কেন সুখে আছ বসি।
কালে আসি পাইলে চাৱা মনে বিমৰিধি॥
ই হেন মনুষ্য জন্ম বৃথা যায় আয়ু।
কেতিক্ষণে ছুটে জানা ইটো প্ৰাণ-বায়ু॥ ১০৮
জানি হৰি-ভকতিত সৱে দিয়া মতি।
হৰি-কথা-শ্ৰৱণত দৃঢ় কৰা মতি॥
কলিত কীৰ্ত্তন বিনে গতি নাহি আৰ।
ডাকি হৰি হৰি বোলা তেৱেসে নিস্তাৰ॥ ১০৯


কৃষ্ণ-লীলা-মালা সমাপ্ত॥ ২২॥